পেহেলগামত পৰ্যটক সকলৰ ওপৰত কৰা আক্ৰমণে সকলোকে স্তম্ভিত কৰি তুলিছে, তাতোকৈ আচৰিত কৰিছে ধৰ্ম শুধি শুধি হত্যা কৰা ঘটনাই। ইমান নিষ্ঠুৰতাৰ গৰিহণা দিবলৈ ভাষা নাই। আমাৰ জীৱনত, আমি শুনা এইটোৱে হয়টো অসামৰিক বা সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আটাইতকৈ বৰ্বৰ আক্ৰমণ। যোৱা দুবছৰ আগতে পৰ্যটক হিচাবে নিজে যোৱা সেই ঠাইৰ নিউজবোৰ ভালকৈ চাবলৈ সাহস হোৱা নাছিল। সামাজিক মাধ্যমত লগে লগেই দেখিলোঁ, কোনে কৈছে সন্ত্ৰাসবাদীৰ ধৰ্ম নাই, তেতিয়া হলে এইয়া কি!! অলপ স্ক্ৰল কৰোঁতে দেখিলোঁ, সকলো মুছলিম একেই, ইহঁতে মাত্ৰ সুবিধা পোৱা নাই। অলপ ৰখি আকৌ স্ক্রল কৰিলোঁ, কোনে কৈছে সন্ত্ৰাসবাদীৰ ধৰ্ম নাই, আছে আছে আছে। বন্ধ কৰি থৈ, অলপ সময় দূৰলৈ চাই থাকিলো। নিজৰ মাজতে বহু যুক্তি তৰ্ক কৰি তাৰে সাৰাংশটো লিখোঁ বুলি আৰম্ভ কৰিলোঁ।
এনেও হিন্দু আৰু মুছলমানৰ কথাটো ফিৰিঙতিৰ দৰে হৈয়ে থাকে, মাজে মাজে মাথোন কিছুমান ঘটনা লাগে জুইকুৰা জ্বলি উঠিবলৈ। এতিয়া এনে লাগিছে সন্ত্ৰাসবাদীৰ আক্ৰমণটো সামপ্ৰদায়িক হৈ উঠা নাইটো। এইটো নেশ্যনেল চিকিউৰিটিৰ কথা নহয় জানো? তাত আমাৰ ঘৰৰ ওচৰত থকা আব্দুলৰ হাত আছে নে? ঘৰৰ কামত সহায় কৰিবলৈ অহা ৰহিমাই কথাবোৰ গম পাইছে নে? বাৰু যিয়েই নহওঁক, মোৰ বোধেৰে কাশ্মীৰৰ সাধাৰণ খাটি খোৱা জনসাধাৰণৰ কাম এইটো হব নোৱাৰে। কাৰণ তেওঁলোকে জানে ইয়াৰ পৰিণতি কি হব পাৰে! পৰ্যটক নোহোৱা হলে যে তেঁওলোকৰ চুলাৰ জুই নজলিব। এইটো যিসকলে কৰিছে, তেওঁলোকৰ পৰ্যটক গলেও নগলেও বাহিৰৰ পৰা টকাৰ যোগান আহি থাকে। প্ৰাৰম্ভিক অনুসন্ধানতে গম পোৱা গৈছে যে, দায়িত্বত স্বীকাৰ কৰা সংগঠনটো লস্কৰ-ই-তৈয়বাৰ প্ৰতিনিধি (proxy) সংগঠন। তেওঁলোকে ইমান ভাবি চিন্তি কৰা ঘটনাটো, তাতে প্ৰধানমন্ত্ৰীক কৈ দিবলৈ কোৱা কথাখিনি শুনি এনে নালাগেনে এইটো এটা সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰ হোৱাটোৱে তেওঁলোকে বিচাৰে। আমি যদি নিজৰ মাজতে হিন্দু মুছলিম বুলি ভাগ ভাগ কৰো সেইটোৱেই চাগৈ, মিছনৰ আঁচল তাৰ্গেত। এনেও ভাৰতখন অশান্ত হোৱাটো বহু বাহিৰা শক্তিয়ে বিছাৰি থাকে। যিয়েই নহওঁক, দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লগে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা হব লাগে। আৰু, মোৰ বিশ্বাস এই ক্ষেত্ৰত চৰকাৰে, আমাৰ সেনাবাহিনীয়ে সকলোখিনি কৰিব। তাৰোপৰি এই সকলোখিনি কৰিব পৰাকৈ সেনাবাহিনী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ সকলো প্ৰকাৰে সক্ষম। ইতিমধ্যে বিভিন্ন দেশে ভাৰতৰ হকে মাত দিছে, যিটোৱে বিশ্বৰ বিভিন্ন দেশৰ লগত ভাৰতৰ ভাল সম্পৰ্ক আৰু স্থিতি দৰ্শায়।
এতিয়া সাধাৰণ নাগৰিক হিচাবে আমি সকলোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিব লাগে। কিন্তু তাৰ লগে লগে এইটোও চাব লাগিব যাতে ইয়াৰ প্ৰতিবাদটো কোনো এটা ধৰ্ম বিপৰীতে নাযায় বা সাম্প্ৰদায়িক নহয়গৈ। ইয়াৰ ওপৰি আমি সকলো কাশ্মীৰৰ মানুহক বেয়া দৃষ্টিৰে চোৱাটোও অনুচিত কিয়নো এনে ঘটনাৰ পাছতে স্থানীয় কাশ্মীৰী সকলে পৰ্যটকক বহুত সহায় কৰিছে, বহু টেক্সি বা ভাৰা গাড়ীয়ে বিনামূল্যত পৰ্যটকক বিমাবন্দৰত থৈ যোৱাৰ উদাহৰণো আছে। মুছলিম সম্প্ৰদায়ৰ লোক সকলে এইটো বুলিয়ে নহয়, সকলো ঘটনাতে নিজৰ ধৰ্মৰ মানুহ বা ধৰ্মৰ বুলি কোনো পক্ষপাতিত্ব নেদেখুৱাই ভুল কামটো ভুল, আৰু ভালটো ভাল বুলি কবলৈ ললে সমাজলৈ এটা ইতিবাচক বাৰ্তা যাব। এনে বাৰ্তাৰ আৰু মুকলি মন এই সমাজখনৰ অতি প্ৰয়োজনীয় বুলি আমাৰ অনুভৱ।
শেষত নিজকে প্ৰশ্ন কৰক, লস্কৰ-ই-তৈয়বায়ে পাকিস্তানত কৰা কুটাঘাট সমূহত কোন বেছিকৈ আক্ৰমণৰ বলি হৈছে? তাত তেওঁলোকে নিজ ধৰ্মৰে মানুহক বেছিকৈ ক্ষতি কৰিছে, সেয়ে কওঁ,
সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাথাকে, থাকে মাথোঁ সন্ত্ৰাস।
স্পন্দন কেওঁট,
২৫-০৪-২৫